গোপনীয়তা নীতি :-

এই গোপনীয়তা নীতিৰ উদ্দেশ্য হৈছে আপুনি গ্লে’জ ইণ্ডিয়া প্ৰা.লি.ক(গ্লে’জ) www.globalglaze.com ("Website") অথবা আন ধৰণেৰে প্ৰদান কৰা তথ্যসমূহক লৈ কোম্পানীৰ ফালৰ পৰা নিৰ্দ্ধাৰিত মাপদণ্ডৰ বিষয়ে আপোনাক অৱগত কৰা| আপুনি আমাৰ ৱেবচাইট ব্যৱহাৰ কৰোঁতে প্ৰবেশ কৰোৱা তথ্য ৰক্ষা কৰি নিৰাপদে ৰাখিবলৈ আমি অংগীকাৰবদ্ধ| আপুনি যেতিয়া আমাৰ প্ৰডাক্ট আৰু সেৱাৰ ব্যৱহাৰ কৰে, তেতিয়া আমি কি তথ্য কিয় সংগ্ৰহ কৰোঁ আৰু তাক কিদৰে ব্যৱহাৰ কৰোঁ, সেইবিষয়ে এই বিবৃতিত বৰ্ণনা কৰা হৈছে|
গ্লে’জৰ কাষত নীতিসমূহ সময়ে সময়ে সংশোধন কৰাৰ অধিকাৰ সংৰক্ষিত হৈ আছে|
এই গোপনীয়তাৰ বিবৃতিত (Statement), এই শব্দসমূহ :-
“আমি”, “আমাৰ” আৰু “আমাক”য়ে গ্লে’জ ট্ৰেডিং ইণ্ডিয়া প্ৰা.লি. আৰু গ্লে’জৰ দ্বাৰা অধিকৃত অন্যান্য সত্তাসমূহক বুজোৱা হৈছে|
“আপুনি” আৰু “আপোনাৰ” শব্দৰে গ্লে’জৰ বিতৰক, গ্ৰাহক, দৰ্শনাৰ্থী, ব্যৱহাৰকাৰী আৰু যি এই ৱেবচাইটৰ ব্যৱহাৰ কৰে, তেওঁলোকক বুজোৱা হৈছে|

1) তথ্য সংগ্ৰহ

আপুনি সম্পূৰ্ণ, সত্য, সঠিক আৰু শেহতীয়া তথ্য প্ৰদান কৰিব| আপুনি আমাক প্ৰদান কৰা আটাইবোৰ তথ্য নিৰাপদভাবে অলংঘনীয় ষ্ট’ৰেজত ৰখা হ’ব| আমি আপোনাৰ চিনাকি ব্যক্তি যেনে আপোনাৰ আপলাইন, আপোনাৰ আলহী আৰু আপোনাৰ বস্তু-পত্ৰৰ বিষয়েও তথ্য সংগ্ৰহ কৰিব পাৰোঁ|
গ্লে’জে ৱেবচাইটৰ তলত দিয়া অনুসৰি বিভিন্ন প‍ইন্টত আপোনাৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰে:
ৰেজিষ্ট্ৰেশ্বন; বেংকৰ বিৱৰণৰ ষ্ট’ৰেজ; জৰীপ আৰু প্ৰমোছন

a) ৰেজিষ্ট্ৰেশ্বন

গ্লে’জৰ অনুমোদিত বিতৰক হ’বৰ বাবে আপুনি আপোনাৰ ব্যক্তিগত তথ্য যেনে নাম, বয়স, জন্মৰ তাৰিখ, ঠিকনা, যোগাযোগৰ বিৱৰণ, ইমেইল ঠিকনা, লিংগ আৰু বৃত্তিৰ বিষয়ে জনাব লাগিব|

b) বেংকৰ বিৱৰণৰ ষ্ট’ৰেজ

আপোনাৰ আৰু গ্লে’জৰ মাজত পাৰিতোষিক চালুকীয়া কৰিবৰ বাবে আপুনি আপোনাৰ বেংকৰ বিৱৰণ আমাক জনাব লাগিব যিহেতু আমি আপোনাক একাউন্ট পেয়ী চেক, বা NEFT বেংক ট্ৰেন্সফাৰৰ যোগেদি পাৰিতোষিক আদায় কৰোঁ| এনেধৰণৰ তথ্য ৰক্ষা কৰাটো আমাৰ দায়িত্ব আৰু আমি আপোনাক আশ্বস্ত কৰিব বিচাৰোঁ যে আপুনি নিবিচৰালৈকে তেনেধৰণৰ তথ্য ৱেবচাইটত ধৰি ৰখা নহয়|

c) মতামত আৰু অভিযোগসমূহ

যিকোনো সময়তে গ্লে’জ প্ৰডাক্ট আৰু ছাৰ্ভিছক লৈ আপুনি আমাক আপোনাৰ ফীডবেক বা যিকোনো অভিযোগ এই ৱেবছাইটৰ যোগেদি আপোনাৰ ব্যক্তিগত পৰিচয়দায়ক তথ্যৰ সৈতে দাখিল কৰিব পাৰে যাতে আমি আপোনাক অধিক উন্নতমানৰ প্ৰডাক্ট আৰু সেৱা প্ৰদান কৰিব পাৰোঁ|

2) আপোনাৰ তথ্যৰ ব্যৱহাৰ

a)   আমি আপোনাৰ তথ্য আপুনি যেতিয়াই আমাৰ ৱেবচাইটত ল’গ ইন কৰিব খোজে, তেতিয়া পৰিচয়-প্ৰমাণৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ| আপুনি আপোনাৰ একাউন্টত ল’গ ইন কৰিবলৈ এটা পাছৱৰ্ডৰ ব্যৱহাৰ কৰিব লাগিব|

b)   আপোনাৰ অনুৰোধৰ জৱাব দিবলৈ, মণিটৰ কৰিবলৈ, সেৱা প্ৰদান কৰিবলৈ আৰু আপোনাৰ আই.ডি. একাউন্ট চলাই ৰাখিবলৈকো আমি আপোনাৰ তথ্যৰ ব্যৱহাৰ কৰিব পাৰোঁ|

3) তৃতীয় পক্ষৰ সৈতে আপোনাৰ তথ্য ভগাই লোৱা

a)    আমি আপোনাক আশ্বাস প্ৰদান কৰিছোঁ যে আমি আপোনাৰ ব্যক্তিগত তথ্যক আইনীগত ভাবে প্ৰয়োজন নোহোৱালৈকে কোনো তৃতীয় পক্ষৰ সৈতে বটোৱাৰা, বিতৰণ, বিক্ৰী, বেপাৰ, ভাড়া প্ৰদান নকৰোঁ|

b)    আমি আপোনাৰ তথ্য আপোনাৰ আপলাইন বা কোনো উচ্চ খাপৰ বিতৰকৰ আপোনাক সঠিক নিৰ্দেশনা প্ৰদান কৰি আপোনাক এক অনুকুল অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে যোগান ধৰিব পাৰোঁ| আপোনাৰ আপলাইনে সেই তথ্য ব্যৱহাৰ কৰাৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰে যে তেওঁ প্ৰাইভেচী পলিচি মানি চলিব আৰু আপোনাৰ ব্যক্তিগত তথ্য কোনোপধ্যে ভুলকৈ ব্যৱহাৰ নকৰে|

c)    আমি আপোনাক সুকলমে প্ৰডাক্ট, আৰু ছাৰ্ভিছ অথবা আপোনাক পাৰিতোষিক সময়মতে পঠাবলৈকো আপোনাৰ তথ্যা তৃতীয় পক্ষক প্ৰদান কৰিব পাৰোঁ|

d)    তৃতীয় পক্ষক আপোনাৰ ব্যক্তিগত তথ্য প্ৰদান কৰাৰ সময়ত আমি আপোনাক আশ্বাস প্ৰদান কৰোঁ যে আপোনাৰ তথ্যখিনি চুক্তিভিত্তিক আৰু প্ৰযুক্তিগত সুৰক্ষা প্ৰদানৰ আওতাতে ব্যৱহৃত হৈছে|

4) বিজনেছ ট্ৰান্সফাৰ

আপোনাৰ পৰা গোটোৱা তথ্য বা তাৰ অংশ বিশেষ কোনো সমবায়, বিক্ৰীৰ ইভেন্ট, যৌথ উদ্যোগ, এছাইনমেন্ট, স্থানান্তৰ বা গ্লে’জৰ কোনো অংশৰ সন্নিবেশৰ সময়ত ট্ৰান্সফাৰ কৰাৰ অধিকাৰ ৰাখোঁ|

আপুনি আপোনাৰ তথ্য পুনৰুদ্ধাৰ বা আপডেট কৰিব পাৰে

যিকোনো সময়তে মাৰ্কেটিঙৰ বাবে আপুনি আমাৰ ৱেবচাইটত জমা তথ্য আপডেট বা পুনৰুদ্ধাৰ কৰিব পাৰে| অনুগ্ৰহ কৰি আমাৰ সতে যোগাযোগ কৰিব যাতে আমি আমাৰ ৰেকৰ্ডতো আপোনাৰ তথ্য আপডেট কৰিব পাৰোঁ, অথবা অনলাইনলৈ গৈ আপুনি নিজেই সেই তথ্য আপডেট কৰিব পাৰে|

5) কুকিজ

এটি ৱেব ছাৰ্ভাৰৰ পৰা এটি ৱেব ব্ৰাউজাৰলৈ বাৰ্তা প্ৰেৰণ কৰা হ’ল| ব্ৰাউজাৰটোৱে বাৰ্তাটো এক টেক্সট ফাইলৰ ৰূপত জমা কৰি ৰাখিব| তাৰ পিছত ব্ৰাউজাৰটোৱে যেতিয়াই ছাৰ্ভাৰৰ পৰা পেজ এখন খুজিব, তেতিয়াই ছাৰ্ভাৰলৈ বাৰ্তাটো প্ৰতিবাৰে পঠিওৱা হ’ব| কুকিজ ৰখাৰ প্ৰধান লক্ষ্য হৈছে ব্যৱহাৰকাৰীক চিনাক্ত কৰা আৰু সম্ভৱত তেওঁলোকৰ বাবে ৱেব পেজ প্ৰস্তুত কৰা|

আপুনি কুকিজ ব্যৱহাৰ কৰা তেনে এটি ৱেবচাইটত প্ৰৱেশ কৰিব খুজিলে আপোনাক আপোনাৰ তথ্য যেনে নাম আৰু আগ্ৰহ আদিৰ বিষয়ে জনোৱা এখন ফৰ্ম পূৰ কৰিবলৈ দিয়া হ’ব পাৰে| এই তথ্যখিনি এটি কুকিৰ ৰূপত পেকেজ কৰা হয় আৰু আপোনাৰ ৱেব ব্ৰাউজাৰলৈ পঠাই দিয়া হয়, য’ত পিছলৈ ব্যৱহাৰ কৰাৰ বাবে তাক সংৰক্ষিত কৰা হ’ব| আপুনি একেটি ৱেবচাইটলৈ পিছত গ’লে আপোনাৰ ব্ৰাউজাৰটোৱে ৱেব ছাৰ্ভাৰলৈ কুকিটো পঠিয়াই দিব| ছাৰ্ভাৰটোৱে এই তথ্যখিনি আপোনাক কাষ্টম ৱেব পেজ প্ৰদান কৰিবলৈকো ব্যৱহাৰ কৰিব পাৰে| উদাহৰণ, এটি সাধাৰণ স্বাগতমৰ বাৰ্তা দেখা পোৱাৰ সলনি আপুনি নিজৰ নামৰ সৈতে স্বাগতমৰ বাৰ্তাও দেখা পাব পাৰে|

কুকি নামটো ইউনিক্সৰ পদাৰ্থ যাক মেজিক কুকিজ বুলি কোৱা হয়, তাৰ পৰা লোৱা হৈছে| এইকেইটা এজন ব্যৱহাৰকাৰী বাব এটি প্ৰগ্ৰামৰ সৈতে জড়িত টকেন যি ব্যৱহাৰকাৰী বা প্ৰগ্ৰামে প্ৰবেশ কৰোৱা স্থান অনুসৰি সলনি হ’বও পাৰে| যি কি নহওক আপুনি আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ ৱেব ব্ৰাউজাৰৰ (ইন্টাৰনেট এক্সপ্ল’ৰাৰ, ম’জিলা, অ’পেৰা, গুগুল ক্ৰ’ম) মতে মিলাই আপোনাৰ কুকি ছেটিং সলনি কৰিবও পাৰে|

6) এটি কুকিয়ে কি তথ্য জমা কৰি ৰাখে ?

বেছিভাগ সময়তে এটি কুকিয়ে ব্ৰাউজাৰৰ বিষয়ে তথ্য থকা এটি টেক্সটৰ টুকুৰা জমা কৰি ৰাখিব| কাম কৰিবৰ বাবে এটা কুকিয়ে আপুনি কোন ঠাইৰ সেইয়া মনত ৰখাৰ প্ৰয়োজন নাই, ই কেৱল আপোনাৰ ব্ৰাউজাৰটোক মনত ৰাখিলেই হ’ল| কিছুমান ৱেবচাইটে আপোনাৰ বিষয়ে অধিক ব্যক্তিগত তথ্য জানিবৰ বাবেও কুকিৰ ব্যৱহাৰ কৰিব পাৰে| কিন্তু এইয়া তেতিয়া হে সম্ভৱ যেতিয়া আপুনি নিজেই ৱেবচাইটটোক নিজৰ বিষয়ে সেই তথ্যখিনি প্ৰদান কৰিছে|

কুকিৰ ছয়টা মানক থাকে যিটো সিঁহতলৈ পঠিয়াব পৰা যায় :

  • কুকিটোৰ নাম
  • কুকিটোৰ মান
  • কুকিটোৰ সমাপ্তিৰ তিথি- ই ঠিৰাং কৰে কুকিটো আপোনাৰ ব্ৰাউজাৰত কিমান সময় এক্টিভ হৈ থাকিব|
  • কুকিৰ বাবে প্ৰযোজ্য পথ- ই এটি URL pathৰ নিৰ্মাণ কৰে য’ত কুকিটো বৈধ হয়|
  • যিটো ড’মেইনত কুকিটো বৈধ হৈ থাকে| যেতিয়া এটি চাইটে একেটা ড’মেইনত কেইবাটাও ছাৰ্ভাৰৰ ব্যৱহাৰ কৰে, ছাৰ্ভাৰবোৰত থকা পেজবোৰত এই কুকিটো উপলব্ধ হয়|
  • এটি সুৰক্ষিত সংযোগৰ প্ৰয়োজনীয়তা-ই চিহ্নিত কৰে যে কুকিটোক কেৱল এক সুৰক্ষিত ছাৰ্ভাৰৰ সংযোগ যেনে SSL ব্যৱহাৰ কৰা এটি চাইটত হে ব্যৱহাৰ কৰিব পৰা যাব|

7) কুকিজ কেনেদৰে সক্ৰিয় বা নিষ্ক্ৰিয় কৰিব পাৰি ?

এই অংশত আলোচনা কৰা হ’ব কেনেদৰে কুকিজ সক্ৰিয় (অন কৰি লোৱা) বা তাক নিষ্ক্ৰিয় কৰিব পাৰি| কুকিবোৰ যিহেতু আপোনাৰ ৱেব ব্ৰাউজাৰে প্ৰতিপালন কৰে, গতিকে আপোনাৰ ব্ৰাউজাৰৰ ওপৰত নিৰ্ভৰ কৰি তাক কেনেদৰে সক্ৰিয় বা নিষ্ক্ৰিয় কৰিব লাগে সেইয়া ভিন্ন হ’ব|

a) মাইক্ৰ’ছফ্ট ইন্টাৰনেট এক্সপ্ল’ৰাৰ 8.0 বা 9.0:- মেনু আইটেমৰ ‘Tools à Internet Options’ নিৰ্বাচন কৰি তাৰপিছত “Privacy” টেবটো খুলি লওক- আপুনি তাৰপিছত শ্লাইডাৰটোক এডজাষ্ট কৰি কুকিজৰ বিভিন্ন কেটেগ’ৰীক ব্ল’ক বা অনুমতি প্ৰদান কৰিব পাৰিব| বিকল্প অনুসৰি “Advanced”ত ক্লিক কৰি আপুনি ব্ৰাউজাৰ ব্যৱহাৰৰ ওপৰত অধিক কন্ট্ৰল লাভ কৰিবলৈ সক্ষম হ’ব- স্বীকাৰ কৰা, ব্ল’ক কৰা বা আপুনি দৰ্শন কৰা ৱেবচাইটৰ পৰা ওলোৱা কুকিজ (first party cookies) বা আপুনি দৰ্শন কৰা ৱেবচাইটৰ বাহিৰেও অন্যঠাইৰ পৰা অহা কুকিজ (third party cookies).

b) ফায়াৰফ’ক্স 7.0:- মেনুত “Tools Options” ব্যৱহাৰ কৰি (ফায়াৰফক্স বাটনটোৰ তলত থাকিব পাৰে), “Privacy” টেবটো নিৰ্বাচন কৰক| ‘Firefox will:’ বিকল্পটোক ‘Use custom settings for history’ লৈ সলনি কৰি লওক| এতিয়া আপুনি দৰ্শন কৰা ৱেবচাইট বা তৃতীয় পক্ষৰ ৱেবচাইটত কুকিজ সক্ৰিয় কৰিব পাৰি নে নোৱাৰি সেইয়া আৰু কিমান দেৰি তেনেকৈ ৰাখিব লাগে তাক নিৰ্বাচন কৰিব পাৰিব| আপুনি বিশেষ কিছুমান ৱেবচাইটৰ বাবে ছেটিং অভাৰৰাইড কৰিবলৈ ‘Exceptions’ বাটনৰ ব্যৱহাৰ কৰিব পাৰে|

c) ফায়াৰফ’ক্স 3.0:- মেনু আইটেমৰ পৰা ‘Tools a Options’ বিকল্পৰ ব্যৱহাৰ কৰক আৰু তাৰ পিছত “Privacy” টেবটো নিৰ্বাচন কৰক| ইয়াত আপুনি কুকিজ সক্ৰিয় কৰি ৰাখিব লাগে নে নাই, বা কিমান দেৰিলৈকে ৰাখিব লাগে তাৰ সিদ্ধান্ত ল’ব পাৰিব| আপুনি বিশেষ কিছুমান ৱেবচাইটৰ বাবে ছেটিং অভাৰৰাইড কৰিবলৈ ‘Exceptions’ বাটনৰ ব্যৱহাৰ কৰিব পাৰে|

d) গুগ’ল ক্ৰম 5.0:- ‘Customize and control’ মেনুত ‘Options’ নিৰ্বাচন কৰি ‘Under the Bonnet’ টেবটো খুলি লওক| ‘Privacy’ বিভাগলৈ গৈ ‘Content settings’টো ক্লিক কৰিব আৰু ‘Cookies’ টেবটো খুলিব| প্ৰয়োজনীয় কুকিৰ ব্যৱহাৰ ছেট কৰিব আৰু বিশেষ ৱেবচাইট দৰ্শন কৰিবলৈ ‘Exceptions…’ৰ ব্যৱহাৰ কৰিব|

e) এপল ছাফাৰী 5.0:- ‘Settings’ মেনুত ‘Preferences’ নিৰ্বাচন কৰিব আৰু তাৰ পিছত ‘Security’টেবটো খুলি ল’ব| এতিয়া কুকিৰ ব্যৱহাৰ প্ৰয়োজন মতে ছেট কৰি ল’ব|

নোট: কুকিজ নিষ্ক্ৰিয় কৰিলে কিছুমান ৱেবচাইটে সঠিককৈ কাম কৰাত বাধা লাভ কৰিব পাৰে, আৰু ইয়াৰ অৰ্থ এই যে আপুনি এটি কুকিত জমা হৈ থাকিব পৰা তথ্য কিছুমান বাৰে বাৰে পূৰ কৰিব লগা হ’ব পাৰে|

8) সংশোধন

এই পলিচিত বৰ্ণিত যিকোনো বিন্দু গ্লে’জে www.globalglaze.com ৱেবচাইটত এখন লিখিত জাননী দি সংশোধন, পৰিবৰ্তন বা পৰিমাৰ্জনা কৰিব পাৰে| আপুনি যদি সেই সংশোধনীৰ প্ৰতি অসহমত, তেন্তে ৩০ দিনৰ ভিতৰত আমাৰ সতে যোগাযোগ কৰিব পাৰে| গ্লে’জৰ সৈতে আপোনাৰ চলমান সম্বন্ধৰ অৰ্থ হ’ব আপুনি তেনে সকলো প্ৰকাৰৰ সংশোধনী গ্ৰ্হণ কৰিছে|

9) ডিসক্লেইমার

ৱেবচাইটত দিয়া জাননী আৰু সূচনাবোৰৰ সন্দৰ্ভত ইংৰাজী আৰু অন্য ভাষাৰ সংস্কৰণৰ মাজত যদি কোনো প্ৰকাৰৰ তাৰতম্য, ত্রুটি বা বিসংগতি হয় তেন্তে এনে পৰিস্থিতিত ইংৰাজী সংস্কৰণকে আদৰ্শ বুলি মানি ল'ব |

10) যোগাযোগ কৰক

যিকোনো মতামত বা প্ৰশ্নৰ বাবে আপুনি পোনপটীয়াকৈ আমাৰ ৱেবচাইটৰ যোগেদি বা এই ৱেবচাইটত প্ৰদান কৰা যিকোনো ইমেইল বা অন্য যিকোনো প্ৰকাৰে আমাক যোগাযোগ কৰিব পাৰে| আমি আপোনাক সোনকালেই উত্তৰ দিবলৈ যত্ন কৰিম| আমি এই তথ্যখিনি আপোনাৰ প্ৰ্শ্নৰ উত্তৰ দিবলৈ বা আপোনাৰ মতামত আমাৰ গ্ৰাহক সেৱা উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ|

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات