সুযোগ
- গ্লে’জ কিয়
- সুযোগটোৰ বিষয়ে
- কেনেদৰে আৰম্ভ কৰা উচিত
- গোপনীয়তা নীতি
“আপুনি আপোনাৰ বাবে ব্যৱসায়টোত আছে, আপোনাৰ দ্বাৰাই নহয়|”
গ্লে’জত আমি এই ঐতিহ্যক মানি চলোঁ| আপুনি যোগ দিয়াৰ লগে লগে আপোনাৰ স্পনছ’ৰৰ টীমৰ অংশ হৈ পৰে, যাক আপ-লাইন বুলিও কোৱা হয়| অংগীকাৰবদ্ধ মেন্টৰিং আৰু সহায়ৰ যোগেদি আপুনি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, আৰু নিজকে সদায় নিজৰ স্বপ্নৰ কাষত দেখা পাব| আপুনি নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আপোনাৰ প্ৰছপেক্টক স্পনছৰিঙৰ যোগেদি নিজৰ টীম সৃষ্টি কৰাৰ সুযোগ পাব- যাক আপোনাৰ ডাউনলাইন বুলিও কোৱা হয়| এই টীমটোৱে আপোনাৰ ব্যক্তিগত তথা আপলাইনৰ সাহায্যৰ পৰা লাভান্বিত হ’ব|
প্ৰতিটো ঢাপতে আমাৰ ব্যাপক প্ৰডাক্ট, ব্যৱসায়, ব্যক্তিগত উন্নয়ন আৰু সম্পৰ্ক স্থাপনৰ প্ৰশিক্ষণ, ইভেন্ট আৰু মিটিঙবিলাকে আপোনাৰ ব্যক্তিত্ব আৰু দলীয় লক্ষ্যত উপনীত হ’বলৈ তথা প্ৰফেছনেল উন্নতি লাভ কৰিবলৈ সহায় কৰিব|
আমি বুজোঁ যে এক উচ্চমানৰ প্ৰডাক্ট বিক্ৰী কৰিবলৈ আপুনি তাৰ বৈশিষ্ট্য তথা লাভসমূহৰ বিষয়ে ব্যৱহাৰ কৰি জানি লৈ তাক আত্মবিশ্বাসেৰে সৈতে মাৰ্কেটিং কৰিব পাৰিব লাগিব| আমি আমাৰ স্বাধীন ডিষ্ট্ৰিবিউটৰ সকলক প্ৰডাক্ট কনছাল্টেন্ট আৰু ব্ৰেণ্ড এম্বেছেডৰ হিচাপে তৈয়াৰ কৰিবলৈ সহায় কৰিবৰ বাবে সকলো কামেই কৰিছোঁ, যাতে তেওঁলোকে দৃঢ় প্ৰত্যয়েৰে গ্লে’জৰ প্ৰডাক্ট বিক্ৰী কৰি নিজৰ ব্যৱসায় সুচাৰুকৈ চলাব পাৰে|
সেই পুৰণি আপ্তবাক্যশাৰীপ পাহৰি পেলাওক- “কষ্ট নকৰিলে ৰত্ন নাপায়”| গ্লে’জ চেলছ আৰু মাৰ্কেটিং প্লেনৰ দ্বাৰা আপুনি নিয়ন্ত্ৰণ লাভ কৰিব পাৰে, আৰু আপুনি যেতিয়া আৰু য’ত মন যায় কাম কৰি নিজৰ জীৱন ভালদৰে জীয়াই থকাৰ উপৰিও এক ভাল উপাৰ্জন লাভ কৰাৰ এক সোণালী সুযোগ লাভ কৰে| একেটা সময়তে আপুনি স্বাস্থ্য, সম্পদ আৰু সমৃদ্ধি অৰ্জনৰ লগতে ভ্ৰমণৰ সুবিধাও পায়|
ই এক আকৰ্ষণীয় প্ৰগ্ৰাম, য’ত কোনো ধৰণৰ ডাঙৰ বিনিয়োগ নাইবা ইনভেন্ট্ৰিৰ প্ৰয়োজন নাই; ইয়াত আছে এক সৰল তথা উদাৰ উপাৰ্জনৰ প্ৰকল্প য’ত আপুনি অনেক ধন, পুৰস্কাৰ তথা সুখ্যাতি অৰ্জন কৰিব পাৰিব|