sanjeev sir

শ্ৰী সঞ্জীৱ ছিব্বৰ প্ৰতিস্থাপক সঞ্চালক

" সংঘৰ্ষ যিমানেই কঠিন হ'ব, বিজয় সিমানেই সুন্দৰ হ'ব।”

সুদৃঢ় ইচ্ছা আৰু বৃহৎ ভাবনা শক্তিৰ অধিকাৰী শ্ৰী সঞ্জীৱ ছিব্বৰৰ সাহস আৰু তীব্ৰ ইচ্ছা শক্তিৰ বলত প্ৰতিটো প্ৰত্যাহ্বানক পৰাজিত কৰাৰ ক্ষমতা আছে। কৰ্মক্ষেত্ৰ লাগিলে যিয়েই নহওঁক কিয়, সফলতাৰ সকলো লক্ষ্যভেদ কৰিবলৈ এখেত সক্ষম। গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক সঞ্চালক শ্ৰী সঞ্জীৱ ছিব্বৰ এজন একনিষ্ঠ উদ্যোগীৰ নিচিনাকৈ নিজৰ সফলতাৰ প্ৰতিডাল লোহাক নিজেই গঢ় দিবলৈ জানে। এসময়ত ঘৰৰ খৰচৰ বোজা কঢ়িয়াবৰ বাবে চাকৰিৰ সন্ধান কৰা শ্ৰী সঞ্জীৱ ছিব্বৰে পোনপটীয়া বিক্ৰীৰ উদ্যোগৰ দ্বাৰা নিজৰ অজেয় আৰু দীৰ্ঘকালীন যাত্ৰা আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত সংঘৰ্ষৰ কাঁইটেৰে ভৰা পথত ভৰি দিছিল যদিও সেই পৰিস্থিতি আৰু অসফলতাকেই নিজৰ সফলতাৰ আধাৰ হিচাপে লয়। অন্তৰেৰে সকলোকে ভালপোৱা আৰু বিনম্ৰ স্বভাৱৰ অধিকাৰী শ্ৰী সঞ্জীৱ ছিব্বৰ ডাঙৰীয়াই নিজৰ প্ৰতিটো খোজ সপোন সাৰ্থক কৰিবৰ বাবে আগবঢ়াইছে।.

ভাৰতবৰ্ষৰ পোনপটীয়া বিক্ৰী ব্যৱসায়ক সন্মান আৰু পৰিচয় দি এক নতুন শিখৰত স্থাপন কৰিবলৈ দৃঢ়-সংকল্পিত শ্ৰী ছিব্বৰ ডাঙৰীয়াই গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ বাবে এখন মহত্বাকাঙ্খী ব্যৱসায়িক আচনিৰ পৰিকল্পনা কৰিছে। নিজৰ বিশ্ব ব্যৱসায় ৰণনীতিৰ এক অংশ হিচাপে তেখেতে বিশ্ব স্তৰত গেলৱেৰ ব্যৱসায়ৰ নেটৱৰ্কৰ বিস্তাৰৰ বাবে বিভিন্ন জাতি, সম্প্ৰদায় আৰু ধৰ্মৰ লোকৰ বাবে এক প্ৰভাৱী ব্যৱসায়ৰ সুযোগ দিবলৈ এক যোজনা হাতত লৈছে।

শ্ৰী চেতন হাণ্ডা প্ৰতিষ্ঠাপক সঞ্চালক

“অসফলতা জীৱনৰ অন্ত নহয়, সফলতাৰ আৰম্ভণিহে”

কোনো ব্যক্তিয়েই নিজৰ অৱয়বৰ বাবে নহয়, নিজৰ বিচাৰধাৰাৰে ডাঙৰ হয়, আৰু তেওঁৰ বিচাৰধাৰাই নিজৰ সপোনক সঁচা ৰূপ দিয়াত সহায় কৰে। এই কথা যুৱ উদ্যমেৰে ভৰপুৰ শ্ৰী চেতন হাণ্ডাৰ জীৱনত সঠিক ভাবে খাপ খায়। শ্ৰী হাণ্ডাই নিজৰ কৰ্ম-জীৱনৰ আৰম্ভণি সৰুসুৰাকৈ কৰিছিল যদিও তেওঁৰ সপোন বহুত ডাঙৰ আছিল। সেইবাবেই ধৈৰ্য আৰু দৃঢ়তাৰে ভাৰতবৰ্ষৰ অনন্য পোনপটীয়া বিক্ৰীৰ কোম্পানী গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ সহ-সংস্থাপক হবলৈ সক্ষম হয়।

বিজ্ঞানৰ স্নাতক আৰু বিত্তৰ এম.বি.এ. ডিগ্ৰীৰ অধিকাৰী শ্ৰী চেতন হাণ্ডাই নিজৰ ব্যৱসায়িক যাত্ৰাৰ আৰম্ভণি অত্যন্ত বিনম্ৰ ভাবে কৰিছিল। কিন্তু অতি কম সময়তে তেওঁ এক ৰোচক আৰু উন্নত পথ বিচাৰি উলিয়ালে, যাৰ পৰিনাম স্বৰূপে ২০০৩ চনত গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ উদয় হয়। পোনপটীয়া বিক্ৰী ব্যৱসায়ত আদৰ্শ প্ৰতিষ্ঠাৰ প্ৰতি প্ৰতিবদ্ধ শ্ৰী চেতন হাণ্ডাই লাহে লাহে সফলতাৰ ফালে আগবাঢ়ি যায় আৰু এই ব্যৱসায়ে এক নতুন স্থান অধিকাৰ কৰে।

নৈতিক মূল্যৰে চহকী শ্ৰী চেতন হাণ্ডাই সদায়েই কৰ্মত পাৰদৰ্শী আৰু উন্নত পৰিৱেশৰ সৃষ্টি কৰি ভাৰতীয় পোনপটীয়া বিক্ৰী উদ্যোগক এটা নতুন আৰু মজবুত আকাৰ দিয়াৰ বাবে সমৰ্পিত। তেওঁ সদায়েই বিশ্বাস কৰে যে ভাৰতবৰ্ষৰ নিচিনা এখন বিবিধতা থকা দেশত নেটৱৰ্কিং মাৰ্কেটিঙৰ নিচিনা ব্যৱসায়ৰ বিকাশৰ অসীম সম্ভাৱনা আছে, য’ত কেৱল উৎপাদানৰ লেনদেনেই নহয়, নতুন নতুন সম্বন্ধও গঢ়ি উঠে। এই ধৰণৰ ব্যৱসায়ৰ জৰিয়তে ইয়াৰ উদ্দেশ্য, উপযোগী উৎপাদন, সেৱা তথা ব্যৱসায়ৰ সম্ভাৱনাৰ বিস্তাৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত কৰি থকা হৈছে। কোম্পানীৰ বিকাশৰ ৰণনীতিৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যোজনা ভাৰতীয় পোনপটীয়া বিক্ৰী ব্যৱসায়ক বিশ্বব্যাপী প্ৰসাৰ আৰু সমৃদ্ধ নেটৱৰ্ক স্থাপন কৰিবলগীয়া আছে।

শ্ৰী সৰবজিৎ সিংহ অৰ্নেজা সঞ্চালক

“আপুনি নিজৰ ভৱিষ্যত সলনি কৰিব নোৱাৰে, কিন্তু আপুনি নিজৰ স্বভাৱ সলনি কৰিব পাৰে আৰু নিশ্চিত ভাবে আপোনাৰ স্বভাৱৰ দ্বাৰা আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে”

লীডাৰশ্বীপ আৰু ব্যৱসায়ৰ প্ৰতিটো মোৰ্চাত পটু শ্ৰী সৰবজিৎ সিংহ অৰ্নেজা বাণিজ্যৰ স্নাতক তথা নিজৰ অপৰম্পৰাগত আৰু প্ৰগতিশীল বিচাৰৰ সৈতে গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ চেল্‌চ আৰু মাৰ্কেটিং ডিভিজনৰ প্ৰমুখৰ দায়িত্ব লৈ আছে। শ্ৰী সৰবজিৎ সিংহ অৰ্নেজা কোম্পানীটোৰ এজন সঞ্চালক হিচাপেও কাৰ্য কৰি আছে। যি কোনো পৰিস্থিতিতে সফলতা অৰ্জনৰ বাবে আশা ৰখা শ্ৰী সৰবজিৎ সিংহ অৰ্নেজাই সৰু আৰম্ভণীৰে ডাঙৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ অনন্য ট্ৰেইনিং মডিউল আৰু উদ্যমী দৃষ্টিৰ বাবে গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীত এক যোগ্য আৰু সক্ষম গোটৰ গঠন হৈছে। শ্ৰী সৰবজিৎ সিংহ অৰ্নেজাৰ বহুমুখী প্ৰতিভাশালী নেতৃত্বৰ ফলত গ্লেজৰ বিক্ৰেতা গোট অহৰহ ধনাত্মক ৰূপত মজবুত হৈ গৈ আছে।

শ্ৰী সৰবজিৎ সিংহ অৰ্নেজাৰ পৰিকল্পনাই ভাৰতীয় পোনপটীয়া বিক্ৰী ব্যৱসায়ক এক নিকা আৰু নৈতিক দিশত মজবুত ছবি হিচাপে প্ৰতিষ্ঠিত কৰিছে। কোম্পানীৰ ভৱিষ্যতৰ বিকাশৰ ৰণনীতিৰ দ্বাৰা বিক্ৰেতা-গোটৰ মাজত এক ধনাত্মক পৰিৱৰ্তন আনিবলৈ বিচাৰিছে যাৰ ফলত পোনপটীয়া বিক্ৰী ব্যৱসায়ৰ ছবিখন সম্পূৰ্ণ ৰূপে সলনি হৈ যাব।

শ্ৰী সুমিত কোহলী সঞ্চালক

“যদি মানুহে মন স্থিৰ কৰে তেনেহলে অসম্ভৱ যেন লগা কামকো সম্ভৱ কৰিব পাৰে”

আত্মবিশ্বাসেৰে ভৰা বিনম্ৰ স্বভাৱৰ শ্ৰী সুমিত কোহলী গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ অপাৰেছন ডিভিজনৰ মুখ্য বিষয়া হোৱাৰ উপৰিও কোম্পানীৰ সঞ্চালক পদৰ দায়িত্বও পালন কৰি আছে। শ্ৰী সুমিত কোহলীয়ে সংকল্প আৰু ইচ্ছাশক্তিৰ বলত নিজৰ লক্ষ্যত উপনীত হৈছে আৰু অতি কম সময়তে কোম্পানীৰ শীৰ্ষ প্ৰৱন্ধকৰ মাজত নিজৰ স্থান মজবুত কৰিছে। কোম্পানীৰ সেৱা আৰু পৰিচালন সম্পৰ্কীয় অভিযোগ সমূহ ব্যক্তিগত ভাবে পৰ্যবেক্ষণ কৰা শ্ৰী সুমিত কোহলী কোম্পানীৰ সম্পূৰ্ণ নেটৱৰ্ক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে দায়ী।

গ্লেজৰ সৈতে শ্ৰী সুমিত কোহলীৰ যাত্ৰা ২০০৩ চনত আৰম্ভ হয় আৰু তেতিয়াৰে পৰা কোম্পানীৰ অভিন্ন অংগ হৈ আছে। সুক্ষ্ম দৃষ্টিসম্পন্ন শ্ৰী কোহলীয়ে গ্ৰাহক আৰু বিক্ৰীৰ অংশীদাৰ সকললৈ উৎকৃষ্ট সেৱা আগবঢ়াই বৰ্তমানৰ পোনপটীয়া বিক্ৰীলৈ উল্লেখনীয় পৰিৱৰ্তন আনিবলৈ প্ৰতিবদ্ধ।

শ্ৰী সঞ্জয় ভাৰ্মা সঞ্চালক

“বিচাৰৰ দ্বাৰা কাৰ্যৰ উৎপত্তি হয়, কৰ্মৰ দ্বাৰা অভ্যাসৰ উৎপত্তি হয় আৰু চৰিত্ৰৰ দ্বাৰা আপোনাৰ ভাগ্যৰ উৎপত্তি হয়”

পঞ্জাৱৰ লুধিয়ানাৰ এক সামান্য পৰিয়ালত জন্ম লাভ কৰা শ্ৰী সঞ্জয় ভাৰ্মা শৈশৱৰ পৰাই মহত্বাকাঙ্খী আৰু প্ৰতিভাশালী ব্যক্তিত্বৰ অধিকাৰী। হাঁহিমুখীয়া স্বভাৱৰ শ্ৰী ভাৰ্মা ব্যৱসায়ীক সুক্ষ্ম দৃষ্টিসম্পন্ন আৰু সকলো ধৰণৰ কাম নিখুত ভাবে তথা সুকীয়া পদ্ধতিৰে কৰাত পাৰ্গত হিচাপে জনাজাত। সেইবাবে নিজৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত চৰকাৰী চাকৰি নিবিচাৰি ব্যৱসায়ত সফলতা অৰ্জন কৰিবলৈ দৃঢ়-প্ৰতীজ্ঞ হয় আৰু আজি গ্লেজত সঞ্চালক হিচাপে অভুতপুৰ্ব সেৱা আগবঢ়াই আছে।

শ্ৰী সঞ্জয় ভাৰ্মাই সমগ্ৰ দেশতে গেলৱেৰ ব্যৱসায় বৃদ্ধি কৰাৰ দায়িত্ব অতি কু্শলতাৰে পালন কৰাৰ লগতে উল্লেখনীয় সফলতা অৰ্জন কৰিছে। বহুমুখী প্ৰতিভাৰে চহকী শ্ৰী সঞ্জয় ভাৰ্মাই গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ মাৰ্কেটিং বিভাগৰ নেতৃত্ব সফলতাৰে পালন কৰাৰ লগতে গেলৱে ব্যৱসায়ক সফলতাৰ নতুন শীৰ্ষলৈ লৈ গৈ আছে।

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات