‘গেলৱে ফাউণ্ডেছন’ পোনপটীয়া বিক্ৰীৰ অগ্ৰণী কোম্পানীৰ মাজৰ এক গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ কৰ্পোৰেট চচিয়েল ৰেচপনচিবিলিটী (চি.এচ.আৰ) উইং। ২০১৫ চনৰ আগষ্ট মাহত ‘গেলৱে ফাউণ্ডেছন’ৰ শুভাৰম্ভ প্ৰতিষ্ঠাপক সঞ্চালক শ্ৰী সঞ্জীৱ ছিব্বৰ আৰু শ্ৰী চেতন হাণ্ডাই এই আদৰ্শেৰে আৰম্ভ কৰিছিল যাতে ইয়াৰ জড়িয়তে এনে এক একত্ৰিত আৰু নিষ্ঠাবান সমাজৰ নিৰ্মাণত যোগদান কৰিব পাৰে, য’ত সকলোকে সমান সুবিধা প্ৰাপ্ত হয় আৰু সকলোৱে নিজৰ পূৰ্ণ ক্ষমতাৰ বিষয়ে অনুভৱ কৰিব পাৰে। লগতে এইটোও সুনিশ্চিত হয় যে দেশৰ বঞ্চিত অথবা কম বিশেষাধিকাৰ প্ৰাপ্ত সম্প্ৰদায়ৰ প্ৰগতি আৰু বিকাশত উৎসাহ প্ৰাপ্ত হয়।

‘গেলৱে ফাউণ্ডেছন’ৰ ই.এচ.পি. আৰু ডিজিটালয় নামৰ দুটা প্ৰমুখ কাৰ্যক্ৰম আছে। ‘গেলৱে ফাউণ্ডেছন’ৰ ই.এচ.পি. কাৰ্যক্ৰম য’ত লোকক আধ্যাত্মিক ৰূপত বিকশিত কৰাৰ লগতে তেওঁলোকৰ অৱচেতন মনৰ শক্তিক উপলব্ধি কৰাত সহায় কৰি আন্তৰিক ক্ষমতাৰ অনুভৱ কৰোৱা হয়। আনহাতে, ডিজিটালয়ৰ উদ্দেশ্য সেইসকল লোকক নিঃশুল্ক টেকনিকেল প্ৰশিক্ষণ দিয়া হয় যিসকলৰ কম্পিউটাৰ ব্যৱহাৰৰ বিষয়ে কোনো ধৰণৰ জ্ঞান নাই, যাতে তেওঁলোকৰ আই.টি. স্কিল মজবুত হয় তথা আগলৈ গৈ দেশৰ মহত্বাকাংক্ষী যোজনা ‘ডিজিটেল ইণ্ডিয়া মিছন’ত ধনাত্মক যোগদান দিবলৈ সক্ষম হয়।

এইদৰে, গেলৱে ফাউণ্ডেছনে নিজৰ ‘কৰ্পোৰেট চচিয়েল ৰেচপনচিবিলিটী’ৰ দিশত উচ্চ আদৰ্শৰ সৈতে জনসাধাৰণক আধ্যাত্মিক আৰু টেকনিকেল জ্ঞান প্ৰদান কৰে।

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات