গ্লেজ সম্পৰ্কে

দেশৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ পোনপটীয়া বিক্ৰেতা কোম্পানী সমূহৰ অন্যতম গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ স্থাপনা ২০০৩ চনত দুজন দূৰদৰ্শী আৰু উদ্যোগী ব্যক্তি শ্ৰী সঞ্জীৱ ছিব্বৰ আৰু শ্ৰী চেতন হাণ্ডাৰ দ্বাৰা হৈছিল। গ্লেজৰ স্থাপনাৰ মুখ্য উদ্দেশ্য আছিল ‘সকলোৰে সৈতে – সকলোৰে বিকাশ’ৰ বাবে একজোঁট হৈ সফলতাক আগবঢ়োঁৱা। ইয়াৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত লোকৰ জীৱন সমৃদ্ধ কৰা আৰু উপভোক্তা সকলক উন্নত মানৰ অনুভৱৰ সোৱাদ দিয়াটোও গ্লেজ স্থাপনাৰ অন্যতম মুখ্য উদ্দেশ্য আছিল।

সংক্ষেপতে কবলৈ হ’লে, গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ মূল সিদ্ধান্ত বিশেষ ৰূপে তৈয়াৰ কৰা নিজৰ উচ্চ গুণবিশিষ্ট ‘এফ.এম.চি.জি.’ উৎপাদন সমূহ সঠিক মূল্যত গ্ৰাহকৰ ওচৰলৈ লৈ যোৱা তথা ব্যৱসায়ৰ পৰা হোৱা লাভৰ বিতৰণ কৰা আৰু বিতৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত থকা অংশীদাৰ সকলৰ সৈতে ভগোৱা। অৰ্থাৎ, এনে এক ব্যৱসায়ৰ আৰম্ভ কৰা যাৰ দ্বাৰা আৰ্জন কৰা ধন অংশীদাৰ সকলৰ মাজত সমৃদ্ধি অনাৰ বাবে ব্যৱহাৰ কৰা সম্ভৱ হয়।

কোম্পানীৰ সংস্থাপক সকলৰ স্পষ্ট দৃষ্টি, ইচ্ছা, ধনাত্মক দৃষ্টিকোণ, মহত্বাকাঙ্খী সদভাৱ, ব্যৱহাৰীকতা তথা তেওঁলোকৰ নেতৃত্বত কাম কৰি থকা প্ৰবন্ধক কৰ্মী সকলৰ মূল দলটিয়ে কোম্পানীক দ্ৰুত সফলতাৰ লক্ষ্যত উপনীত কৰাত সহায় কৰিছে। আজি দেশৰ ভিতৰত প্ৰায় চল্লিশ লাখতকৈয়ো অধিক স্বতন্ত্ৰ বিতৰক আছে, আৰু দুশ ছাপ্পনতকৈয়ো অধিক ‘ফ্ৰেনচাইজি’ আছে যিসকলে ‘গেলৱে বিজিনেছ মডেল’ক সপোনৰ লক্ষ্যত উপনীত কৰাৰ দিশত অহৰহ কাম কৰি গৈছে। গ্লেজৰ এইসকল কুশল আৰু ব্যাপক স্বতন্ত্ৰ বিতৰণ নেটৱৰ্কে দেশৰ প্ৰত্যেক উপভোক্তালৈ গেলৱে উৎপাদনসমূহৰ উপলব্ধ সুনিশ্চিত কৰে, উপভোক্তা দেশৰ যি কোনো দুৰ্গম অথবা দূৰ-দূৰণিৰ স্থানতেই নাথাকক কিয়।

সফলতাপূৰ্বক ব্যৱসায় কৰি গ্লেজে যোৱা ষোল বছৰত এই ক্ষেত্ৰত এনে বিশেষজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যে ই সৰ্বশ্ৰেষ্ঠ ‘ডাইৰেক্ট চেলিং কোম্পানী’ৰ মৰ্যদা পাবলৈ সক্ষম হৈছে। সঠিক মূল্যবোধ আৰু জীৱনৰ বিভিন্ন আকাংক্ষা, আশা, স্বপ্ন, পুৰস্কাৰ, যোগ্যতা, একযোঁট হৈ কাম কৰা, আৰু বিজয়ী হোৱাৰ স্বভাৱৰ নিচিনা মূল্যৰ ওপৰত আধাৰিত গ্লেজৰ অৱধাৰণা এনেকুৱা যে সাধাৰণতকৈয়ো সাধাৰণ ব্যক্তিয়ে কঠিন লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়।

‘ডাইৰেক্ট চেলিং বিজিনেচ’ত গুণবিশিষ্ট উৎপাদক সমূহ প্ৰত্যক্ষ ৰূপত উপভোক্তাৰ দুৱাৰদলীলৈ পোনপটীয়াকৈ বিৱৰণ দিয়াৰ পাছত আৰু প্ৰদৰ্শন কৰাৰ পাছতহে বিক্ৰী কৰা হয়। আমাৰ ব্যৱসায়ত পাৰম্পৰিক ক্ষুদ্ৰ ব্যৱসায়ৰ নীতিৰ সহায় নলৈ ‘লয়েলিটী আৰু ৰিৱাৰ্ড’ কাৰ্যক্ৰমৰ মাধ্যমেৰে নিজৰ উপভোক্তা সকলৰ সৈতে এক দীৰ্ঘকালীন সম্পৰ্ক স্থাপন কৰা হয়।

وحدة تحكم تشخيص الأخطاء لجوملا

الدورة

معلومات الملف الشخصي

الذاكرة المستخدمة

استعلامات قاعدة البيانات